শুভ্র কাগজৰ নিস্তব্ধতাত তাইৰ তুলিকাৰ ফুচফুচনি, তুলিকাত তাইৰ হিয়াৰ বিননি। শিতানৰ গাৰুটোৱে দেখা তাইৰ চকুপানী, শীতত তাইৰ বুকুত উষ্ণৰ নাটনি।। ভাগি পৰিব খোজা টিনপাত খনৰ তলত পাতি লোৱা চিত্রাঙ্কন স্কুলখনেই তাইৰ আশ্রয়। ছবি বিক্রি কৰি যোগাৰ কৰা ভাত মুঠি, শুনে তাই কোলাহলৰ মাজৰ নিৰৱতা, সেয়া যেন তাইৰ হৃদয়ৰ অনুভূতি। তাইৰ প্ৰতিখন চিত্রই কৈ যায় তাইৰ হিয়াৰ ব্যথা, কৈ যায় আপোন জনলৈ ৰৈ থকাৰ বেদনা, যাৰ বাবে অপেক্ষা কৰি খুলি থৈছে তাই পদূলিৰ জপনা। আইনা খনলৈ চাই থৰ লাগে তাই, দিব নেকি ৰঙা কণ মচি? সেইখিনিয়ে তাইৰ একমাত্র আশা যিখিনি অবিহনে তাই কলংকিনি।।
top of page
bottom of page