তুমি যোৱাৰ বহু সময় পাৰ হৈ গ'ল
সময় বাগৰাৰ লগে লগে বহু বস্তুও সলনি হ'ল |
নাহৰ জোপাৰ তলত যে আমি খেলিছিলো, সেই জোপা এতিয়া আৰু নাই
মানুহৰ মনবোৰো আৰু আগৰ দৰে হৈ থকা নাই |
পদূলি মুখত তোমালৈ ৰৈ ৰৈ মোৰ মনো আজি ক্লান্ত|
আশা, আশা বোলে মানুহে কৰিব লাগে
কিন্তু আশাৰ প্ৰত্যুত্তৰত মই পাওঁ মাথোন্ মোৰ নিজৰে হুমুনিয়াহ |
বহু ঋতু পাৰ হ'ল, তুমি নাহিলা |
মোলৈ বুলি চিঠি এখন লিখিবলৈও তোমাৰ আহৰি নহ'ল |
তুমিবিহীন বহু বহাগৰ দৰে এইবাৰৰ বহাগেও মোলৈ ৰং কঢ়িয়াই নানে, মাথোন্ আনিব পুৰণি স্মৃতিবোৰ |
তুমি আৰু নাহা, জানোঁ |
আৰু আহিলেও জানো সেই ফুটবল খেলি ধূলিত লুটুৰি পুটুৰি হোৱা ল'ৰাজন হৈ আহিবা?
আৰু ময়ো জানো খিৰিকিৰে জুমি চোৱা সেই একেজনী ছোৱালী হৈ আছোঁ?
সকলোবোৰ সলনি হৈ গ'ল
তুমি তুমি হৈ নাই আৰু ময়ো হয়তো মই হৈ নাই |
মাথোন্ তোমাৰ বাবে মোৰ ভালপোৱাবোৰ একেই হৈ ৰ'ল, একেই হৈ ৰ'ব |
@কৰণিকা কাশ্যপ
Bhal lagil pohi. Xundor