শেতা আঙুলি
নিষ্ঠুৰ চকু
পদূলীত সৰা বকুল
আকাশৰ দলিচালে
চাই পঠিয়ালো
দূৰৈত হেনো তৰা জিলিকিছে
ওৰে নিশা শীতক
বুকুচাত লৈ আছিলো
পদূলীলৈ চাই পথিয়ালো
নাই কোনো নাই
দূৰ দূৰনিলৈ কেৱল তমশা
লো বোৰ গোট মাৰিব ধৰিছে
চকুত হেনো টোপনিৰ হুমুনিয়াহ
সময়বোৰ যেনিবা
প্ৰদীপ বিহিন
পাহৰিব ধৰিছো
কোনতো প্ৰহৰত
নিজানতাই শব্দৰ ৰূপ লয়
তলশৰা বকুলে
সুগন্ধি বিয়পায়
তোমাৰ অনুপস্থিতিত জানা
জীৱন বৰ অসহায় !!!