(২)
ঘটনাস্থলী পাওতে প্ৰায় বিশমিনটমানেই লাগিল নবাৰুণৰ। ঘৰটোৰ সৰু চোতালখনত মানুহৰ জুম এটা গেটৰ ওচৰৰ পৰাই প্ৰতক্ষ্য কৰিলে সি।মিডিয়া আৰু স্থানীয় মানুহখিনিয়ে ইতিমধ্যেই ভিৰ কৰিছিলহি ঘটনাস্থলীৰ ওচৰত। গাড়ীৰ পৰা নামিয়েই এবাৰ ঘৰটোৰ চাৰিওফালে চকু ফুৰালে নবাৰুণে। অসম আৰ্হিৰ এটা সৰু ঘৰ। আগফালৰ সৰু চোতালখনৰ এটা চুকত ফুলৰ এখন সৰু বাগিছা, গেটৰ ওচৰতে দুফালে দুটা জাপানীজ মেপলৰ পুলি। ঘৰৰ চৌপাশখন সজোৱাত হয়তো খুব ভালদৰেই গুৰুত্ব দিছিল গৃহস্থই। ইতিমধ্যে শংকৰৰ নেতৃত্বত পুলিচৰ দলটোৱে প্ৰাথমিক অনুসন্ধানৰ কাম আৰম্ভ কৰিছিল। নবাৰুণৰ গাড়ীখন দেখি চাব ইন্সপেক্টৰ বিদ্যুত আহি নিয়মমাফিক চ্যেলুট কৰিলে।
"ডিটেইলছত কোৱা" বেলেগ একো নোসোধাকৈ চিধাই কেচটোৰ সম্পৰ্কত সুধিলে নবাৰুণে।
"চাৰ মানুহজনীৰ নাম চয়নিকা ৰাভা, স্বামীৰ নাম বিপুল ৰাভা।অৰিজিনেলি গোৱালপাৰাত ঘৰ। বৰ্তমান স্বামীৰ চাকৰি সুত্ৰে ইয়াৰ বাসিন্দা।স্বামী বিপুল দাস কমলপুৰৰ এক্সিছ বেংকৰ চাকৰিয়াল।মানুহগৰাকীৰ বয়স প্ৰায় ত্ৰিশৰ ওচৰা ওচৰি হব।ঘৰখনত মানুহ কেৱল তেওঁলোক দুজনেই।এজন কাম কৰা মানুহ আছে যদিও তেওঁ ৰাতি ভাতপানী বনাই নিজৰ ঘৰলৈ যায়গৈ। চাৰ মানুহগৰাকীৰ ডিঙি কাটি হত্যা কৰা হৈছে।গিৰিয়েকে কোৱা মতে হত্যাকাণ্ডৰ সময়ত তেওঁ ঘৰত নাছিল।" নবাৰুণৰ আগত কেচটোৰ সন্দৰ্ভত সংক্ষেপে বৰ্ণনা কৰিলে বিদ্যুতে।
"আচ্ছা, হত্যাকাণ্ডৰ মটিভ সম্পৰ্কে কিবা ধাৰণা তোমাৰ?"
"চাৰ এতিয়ালৈকে একো ঠিৰাং কৰিব পৰা নাই। মোৰ মতে চুৰি বা ডকাইতিৰ কাৰণ নহয় ছাৰ কিয়নো মানুহজনীৰ স্বামীয়ে কোৱা অনুসৰি তেওঁলোকৰ ঘৰত থকা গহণা আৰু টকাখিনি অক্ষত অৱস্থাতেই আছে।" বিদ্যুতে উত্তৰ দিলে।
"বাকী ৰেপ বা তেনে ধৰণৰ একো?'
"চাৰ বৰ্তমানলৈকে আমি একো ঠিৰাং কৰিব পৰা নাই। কিন্তু চাৰ...." বিদ্যুতে যেন কবলৈ ইতস্ততঃবোধ কৰিলে।
"কি হ'ল বিদ্যুত?"
"মানে চাৰ মানুহগৰাকীক বৰ নৃশংসভাৱে হত্যা কৰিছে হত্যাকাৰীয়ে। হত্যাকাণ্ড বহুত দেখিছো কিন্তু এনেকৈ ইমান নৃশংসভাৱে......। আপুনি ডেডবডিটো এবাৰ চালেই বুজি পাব চাৰ।"
ঠিক আছে মিডিয়া আৰু বাকী মানুহখিনিক কন্ট্ৰল কৰা তুমি।"নবাৰুণে আৰু দেৰি নকৰিলে, পোনচাটেই সোমাই গ'ল ঘৰটোৰ ভিতৰলৈ।
""আমাৰ ফৰ্মেলিটিছখিনি সম্পূৰ্ণ কৰিবলৈ দিয়ক।তাৰ পাছত আপোনালোকে চাৰক লগ কৰিব।"
নবাৰুণক দেখি মিডিয়াৰ মানুহ দুজনমান আগবাঢ়ি আহিছিল। বিদ্যুতে আৰু কনিষ্টবল দুজনমানে বাধা দিলে। মিডিয়া আৰু স্থানীয় মানুহ এজনকো ঘৰৰ ভিতৰলৈ সোমাবলৈ দিয়া নাছিল পুলিচে। ড্ৰয়িং ৰুমটোত সোমাইয়ে ডেডবডিটো প্ৰতক্ষ্য কৰিলে নবাৰুণে। ডেডবডিটো দেখিয়েই গাটো জিকাৰ খাই আহিল তাৰ। ড্ৰয়িংৰুমৰ চোফা এখনত পৰি আছিল চয়নিকাৰ মুণ্ডহীন নিঠৰ শৰীৰটো। চয়নিকাৰ কটা মূৰটো ড্ৰয়িং ৰুমটোৰ চেন্টাৰ টেবুলখনত সজাই থৈ গৈছে হত্যাকাৰীয়ে,ঠিক ড্ৰয়িং ৰুমত পুতলা সজোৱাৰ দৰে। কাষত তেজেৰে ডাঙৰকৈ ইংৰাজীত M লেটাৰটো লিখা আছে।চোফাখনো ফাটিচিটি গৈছে, ড্ৰয়িংৰুমত থকা ফুলদানি কেইটাও পৰি আছে মাটিত।হয়তো মৃত্যুৰ পূৰ্বে হত্যাকাৰীৰ সৈতে আত্মৰক্ষাৰ বাবে ভীষণ যুজঁ দিছিল চয়নিকাই।চোফাখনৰ ওচৰত চয়নিকাৰ শৰীৰৰ পৰা ওলোৱা কেচা তেজে ইতিমধ্যেই ডোঙা বান্ধিছে। উস কি বিভৎস দৃশ্য।মূৰটো আচন্দ্ৰাই কৰি গ'ল নবাৰুণৰ।নাই সি এজন পুলিচ, ইমান দুৰ্বল হ'লে নহ'ব। পিছ মুহূৰ্ততে নিজকে সংযত কৰিলে নবাৰুণে।
ইন্সপেক্টৰ শংকৰ ব্যস্ত আছিল চয়নিকাৰ স্বামী বিপুল ৰাভাক সোধপোছ কৰাত। নবাৰুণক দেখি ওচৰলৈ আহিল শংকৰ।
"চাৰ আনুমানিক সাতৰ পৰা চাৰেসাত বজাৰ ভিতৰত সংঘটিত হৈছে হত্যাকাণ্ডটো। এখেতে কোৱামতে সেইসময়ত তেখেত ঘৰত নাছিল।" শংকৰে নবাৰুণক উদ্দেশ্য কৰি ক'লে। নবাৰুণে লক্ষ্য কৰিলে মানুহজনক বয়স প্ৰায় ৩৫ ৰ ওচৰা ওচৰি নবাৰুণৰ সমবয়সৰ। পত্নীৰ এই নাৰকীয় হত্যাকাণ্ডত একেবাৰেই ভাগি পৰিছে মানুহজন।
"হত্যাকাণ্ডৰ সময়ত আপুনি ক'ত আছিল?" বিপুল ৰাভাক উদ্দেশ্য কৰি প্ৰশ্ন কৰিলে নবাৰুণে।
"অলপ ওলাই গৈছিলো আবেলি। কাইলৈ আমাৰ বিবাহ বাৰ্ষিকী আছিল তাৰ বাবে কেইজনমান বন্ধুক নিমন্ত্ৰণ দিবলৈ গৈছিলো। ঘূৰি আহি......." বিপুল ৰাভা কান্দোনত ভাঙি পৰিল।
"মই আপোনাৰ মনৰ অৱস্থা বুজি পাইছো। এই সময়ত হয়তো আপোনাক সান্তনা দিয়াৰ ভাষা মোৰ ওচৰতো নাই। প্লিজ আপুনি যিমান পাৰি নিজকে কন্ট্ৰল কৰিবলৈ চেষ্টা কৰক। আপোনাৰ এই সম্পৰ্কে কাৰোবাৰ ওপৰত সন্দেহ?মানে চয়নিকাৰ লগত কাৰোবাৰ ব্যক্তিগত শত্ৰুতা।"
"ব্যক্তিগত ভাবে কাৰো লগত শত্ৰুতা নাছিল তেওঁৰ বা মোৰ। নাজানো কিয় এনেকৈ তেওঁক।" উচুপি উচুপি উত্তৰ দিলে বিপুলে।
"আচ্ছা আপোনালোকৰ ঘৰত থকা কাম কৰা মানুহজনৰ সম্পৰ্কত কিবা ক'ব নেকি?" শংকৰে প্ৰশ্ন কৰিলে।
"আমাৰ বহুত বিশ্বাসী মানুহ নন্দকাই।পৰহিৰ পৰা তেওঁৰ বেমাৰৰ বাবে কামলৈ অহা নাছিল।তেওঁ তেনে কাম কৰিব নোৱাৰে।নন্দকাই থকা হ'ল চাগে আজি এনে এটা ঘটনা সংঘটিত নহ'ল হেতেন।চাৰ আপোনালোকক হাতযোৰ কৰিছো, চয়নিকাৰ হত্যাকাৰীক আপোনালোকে সাৰি যাবলৈ নিদিব।" কান্দিয়েই থাকিল বিপুল ৰাভাই।মানুহজনৰ মানসিক অৱস্থাৰ কথা বুজি আৰু প্ৰশ্ন কৰিবলৈ মন নগ'ল নবাৰুণৰ। ইংগিতেৰে কনিষ্টবল এজনক বিপুল ৰাভাক লৈ যাবলৈ নিৰ্দেশ দিলে নবাৰুণে।
"হত্যাকাৰীয়ে এৰি থৈ যোৱা কিবা ক্লু পালা?" শংকৰক উদ্দেশ্যি সুধিলে নবাৰুণে।
"নাই চাৰ, একো ক্লু এৰি যোৱা নাই হত্যাকাৰীয়ে। মোৰ মতে চাৰ এইটো প্ৰি-প্লেনদ মাৰ্দাৰ। সেই তেজেৰে লিখা M আখৰটোৰ বাহিৰে আৰু একো ক্লু নাই আমাৰ হাতত।"
"আচৰিত নহয়নে শংকৰ।হয়তো চয়নিকাৰ লগত বহুত দিনৰ শত্ৰুতা হত্যাকাৰীৰ।চয়নিকাক হত্যা কৰি মোৰমতে এই আখৰটোৰ যোগেদি কিবা ক'ব বিছাৰিছে হত্যাকাৰীয়ে। এটা কাম কৰা এওলোকৰ ঘৰৰ কাম কৰা চয়নিকা আৰু বিপুল ৰাভাৰ চিনাকি সকলোৰে ডিটেইলছ ইনফৰমেছন কালেক্ট কৰা।তেওঁলোকৰ ঘৰৰ কাম কৰা মানুহজনৰ ঘৰত গৈয়ো।সোধপোছ কৰা।বাৰু বিপুল আৰু চয়নিকাৰ মাক-দেউতাকৰ ঘৰৰ বিষয়ে কিবা তথ্য?"
"চাৰ তেওঁলোকৰ প্ৰেম বিবাহ। বিয়াহোৱাৰ প্ৰায় পাচবছৰেই হ'ল।অৰিজিনেলি গোৱালপাৰাৰ যদিও বৰ্তমান চাকৰিসুত্ৰে ইয়াতে মাটি বাৰী কিনি ঘৰ বনালে।আগতে ভাৰাঘৰত আছিল।নিজাকৈ ঘৰ বনোৱা দুবছৰেই হ'বৰ হ'ল।বিপুলৰাভাই গাঁৱৰ মাক-দেউতাক বৰ্তমান নাই। তেওঁলোকৰ মৃত্যুৰ পাচত গাঁৱৰ মাটি-সম্পত্তি সকলো বিক্ৰী কৰি ইয়লৈ নিগাজিকৈ থাকিবলৈ আহিল তেওঁলোক আৰু চয়নিকাৰ ঘৰখনত ককায়েক আৰু নবৌয়েক থাকে।" শংকৰে বিপুল ৰাভাৰ পৰা পোৱা সকলোখিনি কথা নবাৰুণক জনালে।
"এওলোকৰ ওচৰ চুবুৰীয়া মানুহখিনিকো সোধ-পোছৰ ব্যৱস্থা কৰা।তেখেতৰ ফোনটোও অনুসন্ধানৰ বাবে লগত লোৱা।" মৃতদেহটো পোষ্টমৰ্টেমৰ বাবে পঠাবলৈ নিৰ্দেশ দি ৰুমটোত আকৌ এবাৰ চকু ফুৰাই ওলাই আহিল নবাৰুণ। বাহিৰত ৰৈ থকা মিডিয়াৰ মানুহখিনিয়ে বেৰি ধৰিলে নবাৰুণক।
"ছাৰ এই জঘন্য হত্যাকাণ্ড সম্পৰ্কে পুলিচে কি কয়?"
"ডিঙি কাটি হত্যা কৰা হৈছে চয়নিকা ৰাভাক।আমাৰ পুলিচ বিভাগে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে।অতি সোনকালে আমি হত্যাকাৰীক কৰায়ত্ব কৰিম।" নবাৰুণে উত্তৰ দিলে।
"পুলিচৰ কাৰোবাৰ প্ৰতি সন্দেহ আছে নেকি ছাৰ?" আন এজন ৰিপৰ্টাৰৰ প্ৰশ্ন।
"এই সম্পৰ্কত আমি এতিয়া একো কব নোৱাৰিম।পোষ্টমৰ্টেম ৰিপৰ্ট আহক তাৰপাছত আমি আমাৰ।কাম আৰম্ভ কৰিম।" নবাৰুণে যিমান পাৰি ভীৰৰ পৰা ওলাবলৈ চেষ্টা কৰিলে।
"চাৰ সন্ধিয়াৰ ভাগতেই চহৰৰ মাজমজিয়াত এগৰাকী মহিলাক এনেকৈ হত্যা কৰা হ'ল। পুলিচ প্ৰশাসন বিফল হৈছে নেকি মানুহক সুৰক্ষা দিয়াত।"
"চাওক আপোনালোকে আপোনালোকৰ কাম কৰক। আমাক আমাৰ কাম কৰিবলৈ দিয়ক।" সাংবাদিকসকলে আৰু কিবা কিবি বহুত প্ৰশ্ন কৰিছিল যদিও নবাৰুণে উত্তৰ নিদিলে।চাব ইন্সপেক্টৰ বিদ্যুতক দুটামান নিৰ্দেশনা দি ঘৰলৈ গাড়ী পোনালে নবাৰুণে।
ৰাতি বিচনাত পৰিও ভালকৈ টোপনি নাহিল নবাৰুণৰ। যিমানেই চকুকেইটা মুদিবলৈ চেষ্টা কৰিলে সিমানেই হত্যাকাণ্ডৰ ছবিখনেই মনলৈ আহি থাকিল তাৰ। আস কি নিদাৰুণভাবে চয়নিকাক হত্যা কৰিলে হত্যাকাৰীয়ে।কোনে কিয় হত্যা কৰিলে চয়নিকাক? সেই এম আখৰটোৱেই।বা কি।বুজাইছে?বিভিন্ন প্ৰশ্ন ই দোলা দিলে নবাৰুণৰ মনটোত।
"কি হ'ল টোপনি অহা নাই?" কাষতে শুই থকা সাগৰিকাই মাত লগালে।
"নাই। অথনিৰ ঘটনাটোলৈ মনত পৰি আছে। জানা পুলিচৰ চাকৰি কৰা চাৰিটা বছৰত বহুত ক্ৰিমিনেলক লগ পাইছো মই, বহুকেইটা হত্যাকাণ্ড দেখিছো। কিন্তু এনেকৈ ইমান জঘন্য ভাবে কাৰোবাক হত্যা কৰা মই প্ৰথম দেখিলো। কিমান নিৰ্দয় হ'লে মানুহে মানুহক এনেকৈ হত্যা কৰিব পাৰে। দয়া মমতা মানবীয়তা এইবোৰ একেবাৰেই নোহোৱাই হৈ গ'ল যেন লাগে কেতিয়াবা।"
"হত্যাকাৰীয়ে সেইবোৰ ভবা হ'লে হত্যা কৰিবলৈ নাহিলেহেতেনেই। আৰু এতিয়া এইবোৰ ভাবিবলৈ এৰা, দিনটো ঘূৰি পকিয়েই ফুৰিছা অথনি ভালকৈ ভাতকেইটাও নাখালা। এতিয়া অলপ ৰেষ্ট লোৱা।"
কথাষাৰ কৈ কৈ নবাৰুণৰ চুলিৰ মাজেৰে লাহে লাহে আঙুলিকেইটা বুলাই থাকিল সাগৰিকাই। সাগৰিকাক সাবটি ধৰি চকুহাল মুদি দিলে নবাৰুণে, জোৰেৰে।
(আগলৈ)
১ম খণ্ডৰ লিংক
https://www.wissenmonk.com/home/writing/thr-ilaar-kaahinii
