![](https://static.wixstatic.com/media/a27d24_b78841badd714f7880c8c0e0cdf1db9c~mv2.jpg/v1/fill/w_147,h_169,al_c,q_80,usm_0.66_1.00_0.01,blur_2,enc_auto/a27d24_b78841badd714f7880c8c0e0cdf1db9c~mv2.jpg)
সপোনৰ পৃথিৱীত আমি সকলোৱে ভাহি থাকোঁ। কেতিয়াবা সপোনবোৰ পূৰ হয় আৰু কেতিয়াবা সপোনবোৰ শেষ হয়।তথাপিও সপোন দেখিব লাগে।
সৰুৰে পৰাই নতুনত্ব বিচৰা আৰু মানুহৰ প্ৰতি সহানুভতি থকা সৌৰজিৎ মেধিয়ে দেখা পাইছিল এক অদ্ভুত প্ৰতিভা যত কণ কণ লৰা ছোৱালী য়ে পইচাৰ অভাৱত বজাইছিল চকলেট ৰ টেমা,বাঁহৰ সৰাঞ্জাম আৰু আন আন বস্তু। তেওঁলোকে সেইবোৰ বস্তুৰে নিগৰিত কৰিছিল ঢোল আদিৰ দৰে বিভিন্ন সংগীত ৰ যন্ত্ৰ ৰ শব্দ।
সেই দৃশ্যটো দেখি তেওঁ উভতি গৈছিল তেওঁৰ শৈশৱৰ সময়লৈ যত সৌৰজিৎ মেধিয়ে একেদৰে বজাই শৈশৱ পাৰ কৰিছিল। তেওঁ থিৰাং কৰিছিল যে 'অকল টকাই প্ৰতিভাৰ অংশ হব নোৱাৰে।' সেই উদ্দেশ্যৰে তেওঁ 'পোহৰৰ ধৰা' বেচৰকাৰী সংস্থাৰ জন্ম দিয়ে।
![](https://static.wixstatic.com/media/a27d24_4ef548a91ef84ad9b1c0ae307bb90dca~mv2.jpg/v1/fill/w_144,h_109,al_c,q_80,usm_0.66_1.00_0.01,blur_2,enc_auto/a27d24_4ef548a91ef84ad9b1c0ae307bb90dca~mv2.jpg)
তেওঁ আৰু তেওঁৰ সমনীয়াই এই সংস্থাটোৰ জৰিয়তে পৰিবেশ,সমাজ আৰু বিভিন্ন গঠন মূলক কাম কৰি আহিছে।
তেওঁলোকৰ উল্লেখযোগ্য কাম বোৰ হল-
১. বৃক্ষ ৰোপণ উৎসৱ।
২. Street jam 2020.
৩. River Extra-A jam in floating boat.
৪. সমাজত শিক্ষাৰ গুৰুত্ব বিস্তাৰৰ উদ্দেশ্যে সজাগতা সভা।
৫. Mission Education.
৬. ঐক্য আৰু সম্প্ৰীতিৰ বাবে সাংস্কৃতিক শোভাযাত্ৰা।
৭.বিনামূলীয়া পাঠদান আৰু আন আন।
![](https://static.wixstatic.com/media/a27d24_9845a475754c47df92bf05288a5a18e2~mv2.png/v1/fill/w_80,h_80,al_c,q_85,usm_0.66_1.00_0.01,blur_2,enc_auto/a27d24_9845a475754c47df92bf05288a5a18e2~mv2.png)
১. বৃক্ষ ৰোপণ উৎসৱ:-
এই সংস্থাটোৱে বৃক্ষ ৰোপণ উৎসৱৰ আয়োজন কৰি ৰাজহুৱা স্থান আৰু জীৱ জন্তুৰ বাবে পাহাৰৰ কিছু অংশত ফলমূলৰ গছপুলি ৰোপণ কৰাৰ লগতে গছৰ উপকাৰিতাৰ বিষয়ে মানুহৰ আগত অৱগত কৰি সমাজত সজাগতা অনাৰ প্ৰয়াস কৰে।
![](https://static.wixstatic.com/media/a27d24_5751247b874d415db95515a05f53d87a~mv2.jpeg/v1/fill/w_136,h_107,al_c,q_80,usm_0.66_1.00_0.01,blur_2,enc_auto/a27d24_5751247b874d415db95515a05f53d87a~mv2.jpeg)
২.Street jam 2020:-
পৰিৱেশৰ আৰু সমাজৰ বিভিন্ন সমস্যা আগত ৰাখি এই সংস্থাটোৱে সংগীতৰ জৰিয়তে পৰিৱৰ্তন অনাই আছিল Street jam 2020 ৰ প্ৰধান উদ্দেশ্য।
![](https://static.wixstatic.com/media/a27d24_86dc190e7e904d8880c3195da44cd493~mv2.png/v1/fill/w_79,h_38,al_c,q_85,usm_0.66_1.00_0.01,blur_2,enc_auto/a27d24_86dc190e7e904d8880c3195da44cd493~mv2.png)
৩.River Extra-A jam in floating boat:-
এই অনুষ্ঠানটো তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীত অনুষ্ঠিত কৰে । তাত উঠি অহা লৰা-ছোৱালী য়ে গীত পৰিৱেশন কৰাৰ লগতে পানী ৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰে।
![](https://static.wixstatic.com/media/a27d24_128b235bb39a4306a87e25c75b01e559~mv2.png/v1/fill/w_80,h_80,al_c,q_85,usm_0.66_1.00_0.01,blur_2,enc_auto/a27d24_128b235bb39a4306a87e25c75b01e559~mv2.png)
৪.সমাজত শিক্ষাৰ গুৰুত্ব বিস্তাৰৰ উদ্দেশ্যে সজাগতা সভা:-
এই সভাৰ জৰিয়তে তেওঁলোকে সমাজত শিক্ষা আৰু ইয়াৰ ভূমিকাৰ বিষয়ে ৰাইজৰ আগত অৱগত কৰাৰ লগতে। তেওঁলোকে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
৫.Mission Education :-
সমগ্ৰ পৃথিৱী বৰ্তমান মহামাৰীৰ কৱলত।ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱাৰ লগতে শিক্ষাটো ইয়াৰ বেয়া প্ৰভাৱে দেখা দিছে। সেই উদ্দেশ্যে এই সংস্থাটোৱে তেওঁলোকৰ মুখ্য কাৰ্য্যালয়ৰ ওচৰৰ লৰা-ছোৱালীক শিক্ষাৰ সৰঞ্জাম বিতৰণ,সদৌ অসম ভিত্তিক গল্প প্ৰতিযোগিতাৰ লগতে তেওঁলোকে দশম শ্ৰেণীৰ বাবে Online Education ৰ আয়োজন কৰি আহিছে।
৬. ঐক্য আৰু সম্প্ৰীতিৰ বাবে সাংস্কৃতিক শোভাযাত্ৰা:-
পৃথিৱীত সকলো জাতি-জনগোষ্ঠীৰ ভাতৃত্ববোধ দাঙি ধৰাৰ উদ্দেশ্যে তেওঁলোকে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি সাংস্কৃতিক শোভাযাত্ৰা কৰে।
৭. বিনামূলীয়া পাঠদান আৰু আন আন:-
'শিক্ষাই অমূল্য সম্পদ' এই উদ্দেশ্য হাতত ৰাখি তাহানিৰ পৰাই 'পোহৰৰ ধৰা'ই বিভিন্ন ঠাইত বিনামূলীয়া পাঠদান আয়োজন কৰি আহিছে।