সকলো নিদ্ৰাহীনতাৰ আসক্ত
উজগৰী কুবীৰ
যি ধন লালসাত আসক্ত
সিহঁতৰ তেজত তেজপীয়াৰ বিষ
যিসকল সফলতাৰ উদাসীনতাত ফেকুৰে
সিহঁত ৰ্সপদংশীত
তৰাবোৰ ভালপাবলৈ
সিহঁত ভয়াতুৰ
পৰামৰ্শ লয় আন এজন অচিনাকীৰ ।
কৰ্মত উজাগৰী সিহঁত
এজন এজন কয়েদি
সুখৰ সন্ধানত সিহঁতৰ
কুৰি বছৰীয়া চিৎকাৰ
শুকাই যায় সিহঁত
সুখ লাগে সিহঁতক
সুখ বিচাৰি সিহঁত
নিদ্ৰাহীনতাত আসক্ত
"জীৱন সপোন নহয় । সাৱধান !"
সাৱধান হয় সিহঁত
বাৰে বাৰে উচ্চতাৰ পৰা
উচ্চতৰলৈ যাবৰ কঠোৰ পৰিশ্ৰম
সিহঁত স্বপ্নবীহিন
আদ্ৰতা বিহিন
সিহঁতে দেখা নাই কুঁৱলী
গচকা নাই নিয়ৰৰ দুঁবৰী
খোৱা নাই বাটকাশৰীয়া
বগা ফুল বোৰৰ শুস্বাদু মিঠাবোৰ
মৃত্যুৰ ভয়ত সিহঁতে
কান্ধত কঢ়িয়াই
ভাগৰুৱা চকুৰ বোজা ।
সাৱধান ! সাৱধান !
সিহঁতৰ পৰা
সিহঁতৰ দেহত
তেজপীয়াৰ আঁচোৰ
সৰ্পদংশনৰ দাগ
সাৱধান সিহঁতৰ পৰা
যিসকলে সপোনৰ
সাঁকোত খোজ পেলোৱা নাই
সেই মৃতপ্ৰায়ৰ কেৱল
পোচাকবোৰ দৃশ্যমান
ইয়াত সকলো নিদ্ৰাহীনতাত আসক্ত
সকলো জোনাকৰ নিচাত
ইয়াৰ স্বপ্নোগামীসকলৰ
এচাম বেশ্যা
আৰু আনচাম নাটকৰ কংকাল ।।
✍️Arnab Reyaan Rajbongshi
খুব ভাল লাগিল কবিতাটো পঢ়ি।আগলৈ আৰু পঢ়িবলৈ পাম বুলি আশা ৰাখিলোঁ।