এজাক বৰষুণক সাক্ষী কৰি সিদিনা
খোজ পেলাইছিলো
আপোনাৰ চহৰত...
ব্যস্ত মই..
আপোনাৰ চহৰখন মোৰ খুবেই অচিনাকী
ৰজনীগন্ধাৰ সুবাহত চহৰখন জীপাল আছিল
কৃষ্ণচূড়াৰ পাতবোৰো তো আছিল নতুন জীৱন্ত কাহিনী
যাযাবৰৰ দৰে মাথোঁ ঘূৰি ফূৰিছিলো
ফূটপাথৰ অলিয়ে গলিয়ে
আপোনাৰ ঠিকনা বিচাৰি
আপুনি অভিমানী আছিল স্বাভিমানৰ মাত্ৰাও খুব বেছি আছিল আপোনাৰ
সেইবাবেই হয়তো দেখা দিয়া নাছিল মোৰ দুচকুৰ চহৰত
আৰু মই পাগল প্ৰেমিকৰ দৰে চিঞৰি দিছিলোঁ
মিচ তৰংগিনী আই লাভ ইউ♥️♥️
সময়ৰ সোতত ঘটাবোৰ আৰু ঘটিবলগীয়াবোৰ ঘটিবই
জাৰৰ কুৱলিত আৱৰণ পিন্ধি ওলাই অহা
বেলিতিৰ দৰেই আপুনিও আহিব
এদিন মোৰ চহৰত..
আৰু মই দুবাহুৰ মাজত সোমাই ওৰেটো জীৱন
কবিতা লিখিম আপোনাৰ শিৰত..