গধুলি প্ৰায় 7.30 বাজিছিল ।পল্লৱে তাৰ বেগখন লৈ অফিচৰ বাহিৰত cab ৰ কাৰণে অপেক্ষা কৰি আছিল । বহু সময় ৰখিও গাড়ী নোপোৱাত ভাবিলে অফিচৰ বাহিৰত নাতো ৰিক্সা পোৱা যাব না cab পোৱা যাব so..অলপ দূৰ খোজকাঢ়ি গৈ থকাই ভাল চাৰিআলিটোলে।পল্লৱে খোজকঢ়া আৰম্ভ কৰিলে।তেনেতে পিছৰ পৰা বাইকৰ হৰ্ণৰ শব্দ শুনা পালে।প্ৰথমবাৰ পল্লৱে ignore কৰিলে যদিও দ্বীতিয় বাৰ অলপ irritate হল। but তৃতীয়বাৰ হৰ্ণৰ শব্দ শুনি একতা কাপুৰৰ হিন্দী ছিৰিয়েলৰ কোনো ভিলেনৰ দৰে পিছলৈ ঘূৰি চালে আৰু দেখিলে সেইয়া তো সিহতৰে অফিচৰ junior account manager জীত গগৈ।যিজনে কিছুদিন পূৰ্বেই অফিছত জইন কৰিছে ।
"আৰে.. পল্লৱ যাবা নেকি??"
"অহহহ..মই ইয়াতে ওচৰতেই থাকো।যাব পাৰিম নেকি?"
"Off course..কিয় নোৱাৰিব"
জীতে নিজৰ বাইকখন পল্লৱৰ ঘৰৰ ফালে ঘূৰালে আৰু মুখৰ ভিতৰতে গান এটি গুণগুণাব ধৰিলে ।পল্লবৰ নাটো গান শুনাত interest আছিল না চুপ থকাত সিটো মাত্ৰ এতিয়া তাৰ অফিছত newly appoint জীতৰ বিষয়ে জানিব বিচাৰিছিল ।গানৰ মাজতে পল্লৱে জীতক সুধিলে -"আঁৰে জীত..আপোনাৰ ঘৰ কত?"
"যোৰহাটত .."
"আচ্চা..family ত কোন কোন আছে আৰু?"
"মই ইয়াত অকলে থাকো আৰু মা দেউতা যোৰহাটত থাকে। I am married but wife বেলেগত থাকে।"
পল্লৱে এই কথাটো শুনি অলপ আচৰিত হল যদিও ভাবিলে কিবা personal problem আছে ছাগে সেয়ে বেলেগত থাকে। so একো নুসুধি হমম্ ৰে কথাৰ সামৰণি মাৰিলে।তেতিয়াই জীতে ক'লে " আঁৰে পল্লৱ তুমি যি ভাবিছা সেইয়া নহয়।আমি দুয়ো বহুত happy।তেনকুৱা কোনো problem নাই।atleast মইতো বহুত happy.."
পল্লৱে ক'লে -"তেতিয়াহলে দুয়ো বেলেগকৈ কিয় থাকা ? তোমাৰ চাকৰি ইয়াত সেইকাৰণে?
"হা..আৰু না ও..actually মই যোৱা 4-5 বছৰৰ পৰা গুৱাহাটীত আছো আৰু মোৰ wife এ প্ৰত্যেক 2 মাহৰ মূৰে মূৰে মোক ইয়াত লগ কৰিব আহে ।she is working with police force. এতিয়া তাইৰ training চলি আছে so posting ও প্ৰায়ে সলনি হৈ থাকে।1-2 বছৰৰ পিছত যেতিয়া তাইৰ proper posting হব একেখন চহৰতে settle হম।"
"হমম..this is interesting but বিয়াৰ পিছত এনেকৈ যে দূৰত থাকা কেনেকৈ চলি যাই..Don't u miss her?এনেয়ে video call ত সদাই কথা পাতাই ছাগে এনেকৈয়ে চলি যাই নহহহ?"
"সঁচা কওঁ নে..miss তো বহুত কৰো but কেইমাহমানৰে কথা চলি যাব আৰু যলৈকে video call ৰ কথা তাইৰ লগত তো বহুত simple ফোন এটা আছে যিটোৰে যেতিয়াই তেতিয়াই ফোন কৰাৰো permission নাই ।so যেতিয়াই সময় পাই তেতিয়াই অলপ কথা পাতো।"
জীতৰ কথা শুনি পল্লৱ আচৰিত হল আৰু কলে-"বিয়াৰ পিছত তো পতি পত্নী ইজনে সিজনৰ লগত বেছি সময় পাৰ কৰিব লাগে যাতে এজনে আনজনক বুজি পাই উঠে ভালদৰে but..."
জীতে হাহি মাৰি ক'লে -"পল্লৱ জানো তূমি কি কব বিচাৰিছা।এইবিলাক কথা মইও কেতিয়াবা ভাবো,তাইও ভাবে but reality এইটো যে এইখিনি সময় যদি আমি কষ্ট কৰো then আমি আমাৰ future secure কৰিব পাৰিম। নহ'লে প্ৰথম অৱস্থাত সকলো ঠিকে থাকিব but লাহে লাহে lifet আগবঢ়াত বহুত টান হৈ যাব। আৰু তাই নিজৰ কামক লৈ বিৰাটেই passionate so..তাইক support কৰাও এটা তাইৰ প্ৰতি থকা মোৰ মৰমৰে অংশ।ধৰি লোৱা যদি মই পুলিচ বা আৰ্মিত চাকৰি কৰিলো হৈ আৰু বিয়াৰ পিছত এনেকৈয়ে কৰোবাত নহয় কৰোবাত posting হৈ থাকিলে হয় তেতিয়া তাই মোক support নকৰিলে হয় জানো?So মইও তাকেই কৰি আছো।আমি 2 মাহত লাগিলে 1 দিনে লগ নাপাও কিয় but 60 দিন লগ পোৱাৰ নিচিনাই আমাৰ সেই সময় হয়। আৰু যিমানলৈকে একেলগে থকাৰ কথা আহে তাৰ বাবে তো গোটেই জীৱন পৰি আছে ।এতিয়াৰ বাবে এনেকৈয়ে দূৰত থাকি একলগে সময়খিনি পাৰ কৰো।Simple...☺