বৰষুণত তিতি বুৰি দৌৰা দৌৰিকৈ বাছ খনত উঠিয়ে খালী ছিটটোত বহি ল'লে পূজা । বেগৰ পৰা স্কাৰ্ফ খন উলিয়াই লৈ মুখ খন মচি ল'লে । এইফালে পিন্ধা কাপোৰ জোৰো অলপ অলপ তিতিছে , বহুত অশান্তি লাগিছিল তাইৰ । খিৰিকীৰ কাষৰ ছিটত বহিব বহুত মন গৈছিল যদিও তাই খিৰিকীৰ কাষৰ ছিটত ব্লেক চাৰ্ট পিন্ধি হেডফোনত একান্ত মনে গান শুনি থকা ল'ৰা জনক কব পৰা নাছিল ।
হঠাতে ল'ৰা জনে চকু মেলি তাইৰ পিনে চাই মিচিকিয়া হাঁহি এটি মাৰি হেডফোন খুলি লৈ তাইক কলে-
: তুমি অসুবিধা পাই আছা ছাগে ন , ইচ্ছা কৰা যদি তুমি মোৰ ছিটটো লৈ লোৱা ।
: thank you হা মই মানে খিৰিকীৰ কাষৰ ছিটত বহি বহুত ভাল পাওঁ তাতে আকৌ আজি এই বৰষুণজাক আহিছে ।
: জানো ছোৱালী বিলাকে কাষৰ ছিটত বহি ভাল পায়
: পিছে ক'ত যাব আপুনি ?
: ইউনিভাৰ্চিটি যাম , তুমি ?
: ময়ো।
: ও , কি ডিপাৰ্টমেণ্ট ।
: মই education ডিপাৰ্টমেণ্টৰ
: অহ , ভালেই দিয়া ভাল subject
: উম 😊
: আজি দুবছৰৰ পিছত ইউনিভাৰ্চিটি গৈ আছো মই , কিমান যে ভাল লাগিছিল সেই পঢ়ি থকা দুবছৰ । আৰু এই ইউনিভাৰ্চিটি ৰ বৰষুণজাক যে
উফ্, বাৰে বাৰে প্ৰেমত পৰো জানা ।
আৰু বিহাৰী কেণ্টিন, মেঘালী ,,, কিমান যে স্মৃতি আছে এইবোৰৰ লগত ।
: আপুনি মানে ইউনিভাৰ্চিটি ৰ প্ৰেমত বৰ বেয়াকৈ পৰিছিল ন'?
: মই ? অকল মই নহয় ও ইয়াত পঢ়ি যোৱা সকলোৱে প্ৰেমত পৰে কৃষ্ণচূড়া নগৰীৰ ।
: যদি ইমান ভাল পায় তেন্তে আহি থাকিব লাগে মাজে মাজে
: এতিয়া লগৰবোৰ নাই যে, চিনাকি কোনো নাই তেনেকে আৰু সময়ো নাপাওঁ দিয়া চোন ।
: হম সেইটো হয়
:আৰু কোৱা তোমাৰ বিষয়ে
.....এনেদৰে বহুতো কথা পাতি এটা সময়ত সিহঁতে ইউনিভাৰ্চিটি সোমালে আৰু বৰষুণজাকো লাহে লাহে কমিব ধৰিছিল । সিহঁতে কথাৰ মোহলত গমেই পোৱা নাছিল ,বাছ কনডাক্টৰ জনে মেইন গেট মেইন গেট বুলি কোৱাতহে দুয়োজনে হুৰমুৰাই ঠিয় হৈ বাছ ৰ পৰা নামিলে ।
: finally প্ৰায় দুবছৰ মূৰত মই আজি কৃষ্ণচূড়াৰ নগৰীত,তাতে লগত তেওঁ আছে যাক মই ছয়মাহ ধৰি চিনাকি হব চেষ্টা কৰিও ভয়তে চিনাকি হব পৰা নাছিলোঁ ।
: মানে ?
: মানে কৈ আছো আগতে তুমি ক্লাছ কৰা আৰু মইও মোৰ কামটো কৰি লওঁ । ১ টা বজাত এইখিনিতে লগ পাম ।
এনেকৈ কৈ সি গুচি গল administrative ৰ দিশে । তাই সি যোৱা পিনে কিছুসময় চাই লাহে লাহে ডিপাৰ্টমেণ্ট অভিমুখে খোজ ল'লে তাৰ কথা ভাবি ভাবি ।
১.১৫ মানত তাই ক্লাছৰ পৰা ওলাই দৌৰা দৌৰিকৈ মেইন গেট পালেহি ।
: sorry হা অলপ দেৰি হৈ গল । আপুনি চাগে বহু সময় ৰব লগা হল ন ?
: নাই নাই মই আহিব ২০ মিনিট মান হে হল । বাৰু বিহাৰী কেণ্টিনত বহিবা নে মেঘালীত ?
: দিনত মোৰ প্ৰিয় বিহাৰী কেণ্টিনৰ চাহ আৰু ছিঙৰা আৰু সন্ধিয়াৰ প্রিয় মেঘালীৰ চাহ আৰু পকোৰা ।
:ব'লা তেন্তে বিহাৰী কেণ্টিনত বহোঁ
দাদা দুটা স্পেচিয়েল চাহ দিব আৰু শিঙৰা দুটা ।
: আৰু কি খাবা কোৱা ।
: না বেলেগ নেলাগে ।
:বাৰু কোৱা কিবা
: আমি ইমান কথা পাতিলোঁ কিন্তু ইটোৱে সিটোৰ নামটোৱে নাজানো ।
: মোৰ নাম অংকিত আৰু তুমি পূজা , right ?
: (আচৰিত হৈ ) আপুনি মোৰ নাম কেনেকৈ জানিলে ?
: হা হা , কি নাজানো সেইটো কোৱা ।
: কিন্তু ,কেনেকৈ ? মইতো আপোনাক নাজানো ।
: তোমাক মই ছমাহ মান আগতে দেখিছিলো এদিন তোমাৰ পেহীৰ ঘৰৰ ওচৰৰ দোকান খনত , মোৰ ঘৰ তাৰ ওচৰত । তাৰ পিছত তোমাক এনেকৈ মাজে মাজে দেখি থাকো তুমি পেহীৰ ঘৰত আহিলে । বহু দিন চেষ্টা কৰিছিলো মাতিম বুলি কিন্তু সাহস হোৱা নাছিল । কিন্তু আজি চোৱা তুমি নিজেই আহি মোৰ ওচৰত বহিছিলা 😔
: মোৰ নাম কেনেকৈ গম পালে ?
: এদিন ৰাস্তাৰে গৈ থাকোঁতে তোমাৰ পেহীৰ ছোৱালীজনীয়ে তোমাক পূজা বা পূজা বা বুলি কিবা কৈ আছিল তেতিয়াই জানিছিলোঁ ।
: বহু দিনৰ মূৰত এই প্রিয় চাহ কাপ খালো জানা
: এতিয়াৰ পৰা মাজে মাজে আহি থাকিব , এতিয়াটো আপোনাৰ চিনাকি ও আছো ইয়াতে ।
: যদি তুমি অনুমতি দিয়া সদায় আহিম
: কোনো দৰকাৰ নাই সদায় আহিবলৈ , মাজে মাজে আহিব মন গ'লে ।
: ok ok , তুমি যেতিয়াই কোৱা তেতিয়া আহিম । হব নে ?
: উম , মইও লাহে লাহে প্ৰেমত পৰিব লৈছো জানা ইউনিভাৰ্চিটিৰ ।আজি আপোনাৰ কথাবোৰ শুনি আৰু বেছি ভাল লাগিব ধৰিছে । কিবা এক অদ্ভুত মায়া আছে ।
সন্ধিয়া মেঘালীত বহি একাপ চাহ আৰু পকোৰা লগতে হাতত এটা কলম আৰু এটা ডায়েৰী আৰু লিখি যোৱা কাহিনী ,কবিতা যিয়েই নহওঁক।
: এতিয়াৰ পৰা মাজে মাজে দুকাপ চাহ আৰু দুপ্লেট পকোৰা লব লাগিব কিন্তু ।
: নিশ্চয় 😊
: আৰু চাহৰ পিছত মাৰ্কেটৰ পৰা ওলাই খোজ লম দুয়ো
মেইন গেটৰ ওচৰলৈ আৰু কথা পাতিম ভাললগা বেয়ালগা , সুখ দুখ সকলোবোৰ ।
: পিছে আপোনাৰ ইমান আগ্ৰহ যে , মোক ভালদৰে চিনি ও নাপায় ।
: কৃষ্ণচূড়াৰ নগৰীৰ প্ৰেমত কেতিয়াবাই পৰিছিলো আৰু এতিয়াটো ইয়াতে মোৰ কৃষ্ণচূড়াৰ লগতে মোৰ ভাললগা কোনোবা থাকে আগ্ৰহ বাঢ়িবয়ে ন ।
: মানে ?
: মানে কি আৰু , মোৰ তোমাক ভাল লাগে । আৰু যদি তোমাৰ সঁহাৰি পাওঁ আগবাঢ়িব বিচাৰো তোমাৰ সৈতে জীৱন বাটত ।
: কিন্তু একো ভালদৰে নজনাকৈয়ে ,,,
: আৰে বাবা সময় লোৱা , ভাবা । যদি মোক বিশ্বাস কৰা তেন্তে মই আগবঢ়াই দিয়া হাত খনত ধৰা ।
আৰু তাৰ পিছত আমি আগবাঢ়িম আমাৰ সপোনবোৰৰ দিশে ।
: তেন্তে আহিব এদিন, একেলগে বহি চাহ আৰু পকৰা খাম । সেইদিনা ডায়েৰী আৰু কলম নহয়, আপোনাৰ হাত খন খামুচি ধৰিম । আপোনাৰ হাতত ধৰি ৰাস্তাৰ কাষত থিয় হৈ জোনাক চাম । জিৰণি ল'ম আপোনাৰ কান্ধত মুৰ থৈ , পোৱা নোপোৱাৰ হিচাপ কৰিম , সুখ দুখ সকলোবোৰ ভগাই ল'ম আৰু আপোনাৰ বা মোৰ বুলি নহয় আমাৰ ভৱিষ্যতৰ সপোন ৰচিম☺️☺️
: উম , অতি সোনকালেই আহিম ।
: উম 😌😌
এনেকৈয়ো আৰম্ভ হয় কিছুমান সম্পৰ্ক😌😌
