কাশ....কহী এচা হো জায়ে কী মেৰে দিল কী বাত হমাৰে দিল কী হো জায়ে..কাশ কহী এচা হো জায়ে
কাশ..জিচমে চীপি হুই হে আশ...কিতনী চাৰি চীজো কো জিন্দা ৰখতী হে......
অফিচৰ পৰা আহি তৃষাই হাতৰ বেগখন বিছনাতে থয় কিছুসময়ৰ বাবে বিছনাত বাগৰি পৰিল।ভাগৰুৱা হ'লেও তাই ভাবি লৈছিল যে আজি ঘৰটো অলপ থিক থাক কৰিব লাগিব পূজা বুলি..ইয়াকে ভাবি store roomt সোমায়েই তাইৰ চকু পৰিল ওলোমাই থোৱা তাইৰ কলেজ বেগখনলৈ..বেগখন দেখিয়ে তাইৰ মুখত হাঁহি বিৰিঙী উঠিল।বেগখন নমাই আনি বেগৰ ভিতৰত তাইৰ বহু আগৰে ডায়েৰী এখন পালে...ডায়েৰী খনত লিখাই তো একো নাছিল কিন্তু ডায়েৰীখনৰ ভিতৰত থকা এখন কাগজৰ ওপৰত তাইৰ চকু পৰিল। কি কাগজ হ'ব পাৰে সেই উৎসুকতাৰে খুলি চাই দেখিলে সেইয়া তো তাই বিশাল লৈ লিখা তাইৰ অন্তিমখন চিঠি..কিয় তাই লিখা চিঠিখন তালৈ নপঠালে?কি লিখিছিল তাই চিঠিখনত??এনেকুৱা বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰি তাই চিঠিখন খুলিলে আৰু পঢ়া আৰম্ভ কৰিলে য'ত লিখা আছিল......"Dear Vishal....I love u...এনেয়তো এই কথাষাৰ সকলোৱে শেষত কয় but মই প্ৰথমেই কলো... কাৰণ মোৰ বিশাল অইনতকৈ পৃথক.. Something special....So at first I love u...😊বিশাল মই জানো বহু দিনৰ পৰা আমাৰ দুয়োজনৰ মাজত একোৱেই ঠিক নাই.. বিভিন্ন ভূলবুজা বুজিৰ বাবে নানান সমস্যাৰ সৃষ্টি হৈ আছে...দুয়ো দুয়োকে ভালদৰে লগ কৰাতো দুৰৰে কথা..ভালদৰে এষাৰ কথাও কোৱা নাই... কিন্তু এতিয়া আৰু মই এইবিলাক নিবিচাৰোঁ.... আমাৰ দুয়োজনৰ মাজত থকা এই অন্তিম সময় মই সেই আগৰ মৰমেৰেই পাৰ কৰিব বিচাৰো.. কিন্তু এয়া জানো কেৱল মই বিচাৰিলেই সম্ভৱ হ'ব?? আমাৰ মাজত থকা এই অন্তিম সময়ৰ প্ৰতিটো ক্ষণক এক নতুন উদ্দিপনাৰে সজাব বিচাৰো মই। পাৰ কৰা প্ৰতিটো ক্ষণক আকৌ নতুনকৈ অনুভৱ কৰিব বিচাৰো..আমাৰ মাজত থকা দুৰত্বখিনিক মই সদায়ৰ বাবে নোহোৱা কৰিব বিচাৰো..কিন্তু এয়া যে তুমাৰ উপস্থিতি অবিহনে অসম্ভৱ। দুয়ো দুয়োৰে অভিমানক একাষৰীয়া কৰি আমাৰ এই relation ক পুনৰ জীয়াই তুলিব নোৱাৰো নে....
যদি তুমিও বিচৰা এই সকলোবোৰ সম্ভৱ হ'ব পাৰে..so I hope মোৰ নুসুধা প্ৰশ্নৰ উত্তৰ দিবা তুমি..
- তোমাৰ তৃষা....
চিঠি খন পঢ়ি সেমেকা দুচকুৰে তৃষা store room ৰ ওলাই আহিল।
"জানো এতিয়া বহুত দেৰি হ'ল but ইমানো দেৰি হোৱা নাই যে এবাৰ মই কথাও পাতিব নোৱাৰিম..let me just tell that why I miss him soo much..but মোৰ phone no তো সি block কৰি থৈছে...হমমম Facebook ত search কৰো.."
ইয়াকে ভাবি তৃষাই search কৰিলে...Vishal Sharma....আৰু screen ত জিলিকি উঠিল মৰমলগা হাঁহিৰে Vishal ৰ profile pic...তাই মেচেজ টাইপ কৰিব খুজোতেই দেখিলে যে তাৰ বহুতো friend এ তাক tag কৰি post কৰিছে আৰু তাৰেই প্ৰথম post আছিল Vishal ৰেই best friend জনৰ...য'ত লিখা আছিল "Hey bro we really miss you.. জানো তই আমাক এৰি বহু দূৰলৈ গুচি গলি,পাৰ যদি ঘূৰি আহ...we really miss you...REST IN PEACE VISHAL...
হয়তো এইবাৰ সিদ্ধান্ত লোৱাত তৃষাই সচাই বহু দেৰি কৰিছিল..হয়তো অভিমানৰ ওচৰত এটা সম্বন্ধই হাৰ মানিছিল.....
কাশ কহী এচা হো জায়ে কী মেৰে দিল কী বাত হমাৰে দিল কী হো জায়ে..কাশ কহী এচা হো জায়ে...