তেওঁৰ বাবেও নোহোৱা নহয় কথাটো
যিদৰে মোৰ বাবে,
মাথোঁ ব্যৱধান শব্দৰ ৷
কবিতাত তেজ ঢালিবলৈ
ইচ্ছাৰ কলমটিত তেওঁ জোৰ দিব খোজা নাই;
ঠিক সেইদৰে ময়ো তেওঁৰ অৱনিশি আকাংক্ষাত
প্ৰকাশ ঢালিব খোজা নাই আৱেগৰ ৷
নিটোল স্তব্ধতাৰ ঘাটত
জ্ঞাতৰ পৰা অজ্ঞাতলৈ মন্দ্ৰিত বতাহজাকক
নিৰবধি বোৱাই নিব দিছোঁ
অনিশ্চয়তা প্ৰেমৰ বিমূৰ্ত কোলাহলবোৰ__//
_____অজয়